অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ || National Parks of Assam||

অসমৰ ৰাষ্ট্ৰীয় উদ্যান সমূহ:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান




ভৌগলিক অৱস্থান : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৃথিবীৰ অন্যান্য উদ্যান সমুহৰ ভিতৰত এক অন্যতম তথা বিশ্ব খ্যাত। সুন্দৰ ভৌগলিক স্হানত অৱস্হিত উদ্যান খনে প্ৰাকৃতিক সৌন্দৰ্য্যৰ এক বিখাল পৰিসীমা উপস্হাপন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভাৰত বৰ্ষৰ অসম ৰাজ্যৰ গোলাঘাট আৰু নগাঁও জিলাত অৱস্হিত । ইয়াৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদী দক্ষিণে কাৰ্বি আংলং অৱস্হিত ।উৰ্বৰ চাহ গছৰ দ্বাৰা আগুৰী থকা কাজিৰঙা জাতীয় উদ্যানে এক সুন্দৰ প্ৰাকৃতিক দৃশ্য উপস্হপন কৰে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ যায় ।

ইতিহাস :

১৯০৩ চনত ইংৰাজসকলে জানিব পাৰে যে অসমৰ কাজিৰঙা নামৰ ঠাইত তিনিটা নখ আৰু এটা শিং থকা এটা জন্তু আছে। এই কথা ইংলেণ্ডত থকা ব্ৰিটিছ প্ৰশাসক লৰ্ড কাৰ্জনৰ পত্নী লেডি মেৰী ভিক্তোৰীয়া কাৰ্জনে জানিব পাৰে আৰু এই জন্তুটোকে চাবলৈ তেওঁ ১৯০৫ চনত এই অভয়াৰণ্যলৈ আহে। দুৰ্ভাগ্যবশতঃ তেওঁ এই অভয়াৰণ্যৰ উক্ত জন্তুটো দেখাৰ সৌভাগ্য নহ’ল। কিন্তু জম্তটোৰ ভৰিৰ খোজহে দেখিবলৈ পালে। অৱশেষত তেওঁ ইংলেণ্ডলৈ ঘূৰি যায় আৰু লৰ্ড কাৰ্জনক জন্তুবিধৰ সংৰক্ষণৰ কথা চিন্তা কৰিবলৈ কয়।

ফলস্বৰূপে লৰ্ড কাৰ্জনে পত্নীৰ অনুৰোধ ৰক্ষা কৰি ১৯০৫ চনৰ ১ মে’-ৰ পৰা ২৩২ কিলোমিটাৰ মাটিকালি সামৰি অভয়াৰণ্যক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিবলৈ আগ্ৰহ প্রকাশ কৰে। অৱশ্যে তাৰ তিনি বছৰৰ পাছত বনাঞ্চলখনত মাটিকালি ১৫২ কিলোমিটাৰ পৰ্যন্ত বঢ়োৱা হয় আৰু ১৯০৮ চনৰ ৩ জানুৱাৰীৰ দিনা সেই সমগ্ৰ অৰণ্য অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে লৰ্ড কাৰ্জনে ঘোষণা কৰে। ১৯১৬ চনৰ ১০ নৱেম্বৰত ইয়াক মৃগয়াবন প্রমোদ উদ্যান) (Game Sanctuary) হিচাপে ঘোষণা কৰা হৈছিল যদিও ‘মৃগয়া’ শব্দটোৱে চিকাৰৰ বৈধতাক সূচোৱা বাবে ১৯৫০ চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়।১৯৩৭ চনত এই অভয়াৰণ্যক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ প্রয়াসেৰে ১৯৫৪ চনত চৰকাৰে  Assam Rhinoceros Bill গ্রহণ কৰে ।

১৯৬৮ চনত The Assam National Park আইনখন বলৱত্ কৰি অভয়াৰণ্য  হিচাপে গ্ৰহন কৰে। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park মৰ্যাদা লাভ কৰে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত ইউনেস্কৱে কাজিৰঙাক ‘বিশ্ব ঐতিহ্য অঞ্চল’ হিচাপে স্বীকৃতি প্রদান কৰে। ২০০৬ চনত ইয়াক ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ অন্তৰ্ভুক্ত কৰা হয়।




কাজিৰঙা নামৰ ঘোষনা:ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park  স্বীকৃতি পোৱা অসমৰ প্ৰথমখন বনভূমি। ১৯১৬ চনৰ ১০ নৱেম্বৰত ইয়াক মৃগয়াবন প্রমোদ উদ্যান) (Game Sanctuary ) হিচাপে ঘোষণা কৰা হৈছিল যদিও ‘মৃগয়া’ শব্দটোৱে চিকাৰৰ বৈধতাক সূচোৱা বাবে ১৯৫০ চনত কাজিৰঙাক বন্যপ্ৰাণী অভয়াৰণ্য বুলি ঘোষণা কৰা হয়।

১৯৩৭ চনত এই অভয়াৰণ্যক পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়। গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ প্রয়াসেৰে ১৯৫৪ চনত চৰকাৰে  Assam Rhinoceros Bill গ্রহণ কৰে । ১৯৬৮ চনত The Assam National Park আইনখন বলৱত্ কৰি অভয়াৰণ্য  হিচাপে গ্ৰহন কৰে। ১৯৭৪ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ Kaziranga National Park মৰ্যাদা লাভ কৰে। ১৯৮৫ চনৰ ডিচেম্বৰ মাহত ইউনেস্কৱে কাজিৰঙাক ‘বিশ্ব ঐতিহ্য অঞ্চল’ হিচাপে স্বীকৃতি প্রদান কৰে। ২০০৬ চনত ইয়াক ব্যাঘ্ৰ সংৰক্ষণ এলেকাৰ অন্তৰ্ভুক্ত কৰা হয়।

জলবায়ু :

উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গ্ৰীষ্মকালত সকলোতকৈ বেছি বৰষুণ হয়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ১,৩২০ মিলিমিটাৰ। গড় সৰ্বোচ্চ তাপমান ৩৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিন্ন ৮.৯” ডিগ্ৰী চেলছিয়াছ। আৰ্দ্ৰতা শতকৰা ৮৫ শতাংশ।

বিশেষ আকৰ্ষন:

 এশিঙীয়া গঁড়, বাঘ, হাতী, দলহৰিণ আৰু বনৰীয়া ম’হ এই পাঁচবিধ প্ৰাণীৰে উদ্যানখন বিশেষভাৱে আকৰ্ষণৰ প্ৰতীক।ৰাষ্ট্ৰীয় উদ্যানখনত ২৭টা প্রজাতিৰ সৰীসৃপ আৰু ৪২টা প্রজাতিৰ মাছ পোৱা যায়। সৰীসৃপৰ ভিতৰত অজগৰ, গুঁই, মচোৱা গোম, পানী মড়লী, ফেঁটীসাপ, ৰাজফেঁটী আদি সাপৰ লগতে বিভিন্ন প্রজাতিৰ কাছ পোৱা যায়। ৪২০ প্ৰজাতিৰ বিভিন্ন প্ৰজাতিৰ ইয়াত পক্ষী পোৱা যায়, পৰিভ্ৰমীকে ধৰি।

উৎসৱ :

২০০৫ চনৰ ফেব্ৰুৱাৰী মাহত Kaziranga National Park ৰ শতবৰ্ষ উদ্যাপন কৰা হয়। ২০০৩ চনত পোন প্রথমবাৰৰ বাবে কাজিৰঙাত হস্তী মহোৎসৱৰ আয়োজন কৰা হৈছিল।

Source- Click here

মানাহ ৰাষ্ট্ৰীয় উদ্যান:

১৯৯০ চনত মানাহক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে  Manas National Park ঘোষণা কৰে।উদ্যানখনৰ ভাৰত ভূমিৰ খণ্ডক ৰাষ্ট্ৰীয় উদ্যান (Manas National Park) আৰু ভূটান ভূমিৰ খণ্ডক ৰয়েল মানাহ বুলি কোৱা হয়।

ইতিহাস :

১৯০৫ চনতে মানাহক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ প্রস্তাৱ লৈছিল যদিও ১৯০৮ চনত হে এই প্রস্তাৱ গ্ৰহণ কৰা হয়। এই সংৰক্ষিত বনাঞ্চলখনক ১৯২৮ চনত ৩৬০ বৰ্গকিলোমিটাৰ বনভূমিৰ মানাহক অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয় আৰু ২৮৩৭ বৰ্গকিলোমিটাৰ সামৰি ১৯৭৩ চনত লুপ্তপ্রায় ঢেঁকীয়াপতীয়া বাঘৰ  সংৰক্ষণৰ বাবে ‘ব্যাঘ্ৰ প্রকল্প’ হিচাপে ঘোষণা কৰা হয়। ১৯৫০ চনত মানাহক বন্যপ্ৰাণ অভয়াৰণ্য হিচাপে ঘোষণা কৰা হয়। ১৯৯০ চনত মানাহক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰে।




ভৌগলিক অৱস্থান:

অসম-ভূটান সীমান্তত প্রায় ৩৯১ বৰ্গকিলোমিটাৰ মাটিকালিৰে আৱৰি থকা মানাহ ৰাষ্ট্ৰীয় উদ্যান অসমৰ ২য় খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত প্ৰাপ্ত । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ দিশে অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানখনে বৰপেটা জিলা আৰু বঙাইগাঁও জিলাৰ সমীপত তথা বি টি এ ডিৰ বাক্সা আৰু চিৰাং জিলাক আগুৰি আছে।

জলবায়ু :

ৰাষ্ট্ৰীয় উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গড় হিচাপেত বাৰ্ষিক তাপমাত্ৰ সৰ্ব্বোচ্চ ২৯0 চেলছিয়াছ আৰু সৰ্বনিম্ন ৪0 চেলছিয়াছ । বাৰ্ষিক বৰষুণৰ পৰিমাণ গড়ে ৪,০০০ মিলিমিটাৰ আৰু আৰ্দ্ৰতা শতকৰা ৯৮ শতাংশ।

জীৱ জন্তু :

উদ্যানখন প্রায় ৬০ বিধ স্তন্যপায়ী প্রাণী, ৪২ বিধ সৰীসৃপ, ৭ বিধ উভচৰ প্রাণী আছে।উদ্যানখনৰ জলাশয়সমূহত প্রায় ৫০ তকৈ অধিক প্রজাতিৰ মাছ আছে।

উদ্ভিদ :

উদ্যানখনত উদ্ভিদ বিজ্ঞানীসকলে পাঁচশতকৈ অধিক প্ৰজাতিৰ উদ্ভিদ চিনাক্ত কৰিছে। তৃণ, বৃক্ষ, গুল্ম আৰু লতা চাৰিও প্রকাৰৰ উদ্ভিদেই উদ্যানখনত বিৰাজমান।

এই ৰাষ্ট্ৰীয় উদ্যান খন অক্টোবৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে খোলা থাকে।

 

ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান:

১৯৮৬ চনত ডিব্ৰু  আৰু ছৈখোৱা-এই দুখন সংৰক্ষিত বনাঞ্চলক একেলগ কৰি ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য গঠন কৰা হৈছিল। ১৯৯৯ চনৰ মাৰ্চ মাহত এই অভয়াৰণ্যক অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে।

ইতিহাস :

১৯৯৯ চনৰ মাৰ্চ মাহত এই অভয়াৰণ্যক অসম চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি দিয়ে (Dibru Saikhowa National Park)আৰু মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি পোৱাৰ প্রায় এটা শতিকাৰ পূৰ্বেই ১৮৯০ চনত ৬০,৬৩৪ একৰ ভূমি সামৰি ডিব্ৰু সংৰক্ষিত অঞ্চল ঘোষণা কৰা হয়। পৰৱৰ্তী কালত ১৯২০ চনত ৬০০ একৰ আৰু ১৯৩৩ চনত ৪৯৮ একৰ বনাঞ্চল  সংযোজন হয়। ১৯২৯ চনত ১৭,০৬৩ একৰ অঞ্চল অন্তৰ্ভুক্তিৰে ডিব্ৰ-ছৈখোৱাক বনাঞ্চল হিচাপে ঘোষণা কৰা হয়।১৯৫০ চনৰ বৰ ভূমিকম্পই ভৰকৈ ক্ষতি সাধন কৰা ৰাষ্ট্ৰীয় উদ্যানখন ১৯৯৭ চনত ৩৪০ বৰ্গ কিলোমিটাৰ বহিঃৰাঞ্চল (buffer zone) হিচাপে অন্তৰ্ভুক্ত কৰি মুঠ ৭৬৫ বৰ্গ কিলোমিটাৰ জীৱ মণ্ডলীয় সংৰক্ষিত অঞ্চল হিচাপে  ঘোষণা কৰা  হয়। পুনৰ ১৯৯৫ চনত ৩৪০ বৰ্গ কিলোমিটাৰ মুখ্য অঞ্চল হিচাপে ধৰি মুঠ ৭৬৫ বৰ্গকিলোমিটাৰ এলেকাক ‘ডিব্ৰু ছৈখোৱা সংৰক্ষিত জৈৱমণ্ডল হিচাপে চিনাক্ত কৰে। ডিব্ৰু-ছৈখোৱা হৈছে ইউনেস্ক’ৰদ্বাৰা স্বীকৃত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন আৰু ভাৰতবৰ্ষৰ অষ্টমখন সংৰক্ষিত জৈৱমণ্ডল (Biosphere Reserve) | জৈৱ-বৈচিত্ৰ্য আমদানিৰ ক্ষেত্ৰত Eastern Corridor  আৰু  West Corridor -ৰ ভূমিকা হৈছে গুৰুত্বপূৰ্ণ। আমাৰ অসমত ডিব্ৰু-ছৈখোৱাই (Dibru Saikhowa National Park) হৈছে জৈৱ-বৈচিত্যই আমদানিৰ ক্ষেত্ৰত Eastern Corridor বা পূবৰ দুৱাৰ।





ভৌগলিক অৱস্থান : 

ডিব্ৰু-ছৈখোৱাৰ ভৌগোলিক, অৱস্থান ২৭0 ৩৫/ উত্তৰৰ পৰা ২৭0 ৫/ উত্তৰ অক্ষাংশ আৰু ৯৫0১০/ পূবৰপৰা ৯৫0 ৪০/ পূব দ্ৰাঘিমাংশ ।তিনিচুকীয়া চহৰৰপৰা উত্তৰে অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানলৈ দূৰত্ব প্ৰায়: ১৩ কিলোমিটাৰ।ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ প্রায় ৩৪০ বৰ্গকিলোমিটাৰ এলেকা আগুৰি থকা ডিব্ৰু-ছৈখোৱা অসমৰ ভিতৰত চতুৰ্থখন ৰাষ্ট্ৰীয় উদ্যান।

জলবায়ু :

ৰাষ্ট্ৰীয় উদ্যানখনৰ জলবায়ু ক্ৰান্তীয় সেমেকা। গড় সৰ্বোচ্চ তাপমাত্ৰা ৩৬0 আৰু সৰ্বনিম্ন ৬0 চেলছিয়াছ । আৰ্দ্ৰতা প্ৰায় ৬৪ ৰ পৰা ৮৬ শতাংশ। বছৰি বৃষ্টিপাতৰ পৰিমাণ গড়ে ২৩০০ মিলিমিটাৰৰ পৰা ৩৬০০ মিলিমিটাৰ।

জীৱ জন্তু : 

ভাৰতৰ ভিতৰত কেৱল ডিব্ৰু-ছৈখোৱাত পোৱা বনৰীয়া ঘোঁৰা পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। জলভাগত থকা শিহু হৈছে আন এবিধ আকৰ্ষণীয় প্রাণী। উদ্যানখনত এতিয়ালৈকে ৩৬ টা প্রজাতিৰ স্তন্যপায়ী জন্তু চিনাক্ত কৰা হৈছে।২০০৪ চনত Bird-life International এ ডিব্ৰু-ছৈখোৱাক গুৰুত্বপূৰ্ণ পক্ষী আবাসস্থলৰূপে (Important Bird Area)  স্বীকৃতি প্ৰধান কৰে।

উদ্ভিদ :

ৰাষ্ট্ৰীয় উদ্যানখনৰ শতকৰা প্রায় ৬০ ভাগ পিটনি, ২ ভাগ কীঠনি আৰু ১৫ ভাগ ঘাঁহনি।ইয়াৰ অৰণ্যৰাজি বিভিন্ন প্ৰকাৰৰ – অৰ্ধ চিৰসেউজ অৰণ্য, সেমেকা পৰ্ণপাতী অৰণ্য, তৃণভূমি, জলাহ, পিটনি আৰু বেতনি।

নামেৰি ৰাষ্ট্ৰীয় উদ্যান:

শোণিতপুৰ জিলাৰ উত্তৰ দিশৰ বালিপাৰাৰ সমীপত অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান নামেৰীত অৱস্থিত । ৰাষ্ট্ৰীয় উদ্যানখনে পূব হিমালয়ৰ প্ৰদেশত প্রায় ২১২ বর্গ কিলোমিটাৰ অৰণ্য অঞ্চল জুৰি বিস্তৃত হৈ আছে ।

ইতিহাস :

ব্রিটিছ চৰকাৰৰ দিনতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পাছত নামেৰীক ১৯৮৫ চনৰ ১৮ ছেপ্টেম্বৰত অভয়াৰণ্যৰ পর্যায়লৈ উন্নীত কৰা হয় । ১৯৯৮ চনৰ ১৫ নৱেম্বৰ তাৰিখে অভায়াৰণ্যখনে আনুষ্ঠানিকভাৱে অসমৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায় । ২০০০ চনৰ ১ মার্চত নামেৰীয়ে ব্যাঘ্র প্রকল্পৰ মর্যাদা লাভ কৰে আৰু এই প্রকল্পত ৩৪৪ বর্গ কিলোমিটাৰ সামৰি লোৱা হয় ।

ভৌগোলিক অৱস্থান :

উত্তৰ দিশত বিস্তৃত হৈ আছে অসম অৰুণাচলৰ সীমান্তৱর্তী ভালুকপুং , দক্ষিণে জীয়াভৰলী নদী , পশ্চিম দিশতো জীয়াভৰলী আৰু পূর্ব দিশত বৰদিকৰাই নৈ ।২৬ ° ৫৫/ উত্তৰৰপৰা ২৭ ° 03/ উত্তৰ অক্ষাংশ আৰু ৯২ ° ৪০/ পূবৰপৰা ৯৩ ° ০০/ পূর্ব দ্রাঘিমাংশ । সাগৰপৃষ্ঠৰপৰা নামেৰীৰ উচ্চতা ১০০-৩৫০ মিটাৰ।

পক্ষী কুল :

নামেৰীত থকা দেওহাঁহৰ সংখ্যা ৭০ টা মান হ’ব । উত্তৰ – পূৰ্বাঞ্চলৰ ভিতৰত সৰ্বাধিক দেওহাঁহ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় । উদ্যানখন ৩১০ বিধ প্ৰজাতিৰ পক্ষীৰ বিচৰণ ভূমি ।উদ্যানত ১০০ তকৈয়ো অধিক জাতৰ পখিলা আছে ।

জীৱ জন্তু :

অভায়াৰণ্যৰ বন্যপ্রাণীসমূহৰ ভিতৰত হাতী , নাহৰফুটুকী বাঘ , লতামাকৰি , গোধাফুটুকী , শৰপহু , দল হৰিণ , ফুটুকী হৰিণ , খাগৰি কটা শহা , বনৰৌ , উদ , মাটি ভালুক , হিমালয়ৰ ক’লা ভালুক , মলুৱা বান্দৰ , বনৰীয়া গাহৰি , খুটীয়া পহু , মেঠোন , জহামাল আদি পোৱা যায় । ১৯৯৭ চনৰ লোকপিয়ল মতে , উদ্যানখনত ২২৫ টা হাতী আৰু ২৯ টা ঢেকীয়াপতীয়া বাঘ আছিল বুলি জনা যায় ।

উদ্ভিদ :

উদ্যানখনৰ অৰণ্যৰাজিক ক্রান্তীয় চিৰ সেউজীয়া অৰণ্য , অর্ধ – চিৰসেউজীয়া অৰণ্য , সেমেকা পর্ণপাতী অৰণ্য আৰু নদী কাষৰীয়া তৃণভূমি অঞ্চল— এই চাৰিটা ভাগত ভগাব পাৰি । প্ৰায় সমগ্ৰ এলেকা বেটনিৰে ভৰপূৰ।

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান :

ওৰাং চহৰৰপৰা প্রায় ১৮ কিলেমিটাৰ আৰু মঙলদৈ চহৰৰপৰা প্রায় ৭০ কিলোমিটাৰ দূৰত্বত ‘ মিনি কাজিৰঙা ’ হিচাপে সর্বজনবিদিত ওৰাং ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত ।




ইতিহাস :

৫ ২৯ খ্রীষ্টীয় ১৯ শতিকালৈকে বর্তমানৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত স্থানীয়লোকে বসবাস কৰিছিল । ব্রিটিছে চাহ খেতি কৰিবৰ বাবে ঝাৰখণ্ডৰ পৰা অনা ওৰাং সম্প্রদায়ৰ শ্ৰমিকসকলে পুৰণি দৰং জিলাৰ পাঁচনৈৰ পাৰত বসবাস কৰিছিল । পাছলৈ ওৰাং সম্প্রদায়ৰ নামেৰেই তেওঁলোকে বাস কৰা ঠাইখনৰ নাম ওৰাং হল বুলি ইতিহাসে কয় । বোধহয় ওৰাঙেই ভাৰতৰ একমাত্ৰ ৰাষ্টীয় উদ্যান , য’ত এসময়ত মানুহে বসবাস কৰিছিল । আৰু পাছত সেই স্থান ত্যাগ কৰিছিল Essay on Rajiv Gandhi Orang National Park in Assamese

তথ্যমতে ১৯০০ চনলৈকে ওৰাঙত বাস কৰি থকা জনজাতি লোকসকল সঘনাই অচিন ৰোগত আক্ৰান্ত হৈছিল আৰু সেই স্থান এৰি আন ঠাইত বসবাস কৰিছিলগৈ । ১৯১৫ চনত ব্রিটিছ চৰকাৰে ওৰাঙক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰে । লগতে উদ্যানখনক ব্রিটিছ চৰকাৰে ১৯১৫ চনৰ ১৩ মে’ত মৃগয়া বন ( Game Reserve ) হিচাপেও ঘোষণা কৰে । ১৯৮৫ চনৰ ২০ ছেপ্টেম্বৰত FRS / 133 / 85 / 0 নং নির্দেশনাযোগে ওৰাঙক অভয়াৰণ্য আৰু ১৯৯৯ চনৰ ১৩ এপ্রিলত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় । আনহাতে ১৯৯২ চনত ভাৰতৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ নামেৰে ওৰাং অভয়াৰণ্যক ৰাজীৱ গান্ধী বন্যপ্রাণী অভয়াৰণ্য Rajiv Gandhi Orang National Park হিচাপে নামকৰণ কৰা হৈছিল

ভৌগলিক অৱস্থান :

উদ্যানখনৰ ভৌগোলিক অৱস্থান— ৯২ ° ১৬ পূবৰপৰা ৯২ ° ২৭ পূর্ব দ্রাঘিমাংশ আৰু ২৬ ° ৩০ উত্তৰৰপৰা ২৬ ° ৩৬ উত্তৰ অক্ষাংশ ।উদ্যানখনে দৰং জিলাৰ প্ৰায় ৭৮.৮১ বর্গ কিলোমিটাৰ ( ৩০.৪৩ বর্গমাইল ) অঞ্চল আগুৰি আছে ।

জলবায়ু:

জলবায়ু ক্রান্তীয় সেমেকা । গ্রীষ্ম , বর্ষা আৰু শীত— এই তিনি ঋতুত উদ্যানখনলৈ পৰিৱৰ্তন আহে । বার্ষিক বৃষ্টিপাতৰ পৰিমাণ গড়ে ৩০০০ মিলিমিটাৰ । গড় সর্বোচ্চ তাপমাত্রা ৩২ ° চেলছিয়াছ আৰু সর্বনিম্ন ৭ ° চেলছিয়াছ । আদ্রর্তা শতকৰা ৬৬ ৰপৰা ৯৫ শতাংশ।

জীৱ জন্তু :

এটা খড়গযুক্ত গঁড়ৰ বাবে বিখ্যাত ওৰাঙে সংখ্যাৰ ফালৰপৰা বিশ্বৰ ভিতৰতে দ্বিতীয় স্থান অধিকাৰ কৰিছে । ৰাষ্ট্ৰীয় উদ্যানখন হাতী , বাঘ , বনৰৌ , খুটীয়া পহু , কেটেলা পহু , শিয়াল , হামাল , বনমেকুৰী , উদ , মলুৱা বান্দৰ , বনৰীয়া গাহৰি , হৰিণ , লতা মাকৰি বাঘ , কেটেলা পন্থ , নেউল আদি স্তন্যপায়ী বন্যপ্রাণীৰো বাসস্থান । উদ্যানখনৰ জলাহ অঞ্চলত ৭ টা প্ৰজাতিৰ কাছ , অজগৰ , ফেঁটী , ৰাজফেঁটী , গুইকে ধৰি প্রায় ৩০ টা প্রজাতিৰ সৰীসৃপ পোৱা যায় ।

পক্ষী কুল :

ওৰাং ৰাষ্ট্ৰীয় উদ্যান প্রায় ১২২ টা প্রজাতিৰ চৰাইৰ বাসস্থান । সমগ্র বিশ্বৰ পঞ্চাছ শতাংশ উলুমৰা এই উদ্যানত পোৱা যায় ।

উদ্ভিদ :

উদ্যানখনৰ প্রায় ৬০ শতাংশ ঘাঁহনি অঞ্চল , প্রায় ২ শতাংশ প্রাকৃতিক অৰণ্য । প্রায় ১২ শতাংশ চাপৰি অঞ্চল , শতাংশ বিল আৰু জলাহ অঞ্চল আৰু বাকী ১৪ শতাংশ নতুনকৈ ৰোপণ কৰা কাঠনি অঞ্চল ।

 

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান:

● অসমৰ ৬ তম ৰাষ্ট্ৰীয় উদ্যান ৰূপে খ্যাত লাভ কৰিলে ৰয়মনা ৰাষ্ট্ৰীয় উদ্যানে।

● এই ৰাষ্ট্ৰীয় উদ্যান খন কোকৰাঝাৰ ত অৱস্থিত।

● ৪২২ বৰ্গ কিঃমিঃ লৈকে এই উদ্যান বিয়পি আছে।

● Bodoland Territorial Council (BTC) ৰ অন্তৰ্গত।

● ৫ জুন,২০২১ ত এই উদ্যানক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।

● ইয়াৰ চাৰিসীমাত সংকোশ নৈ আৰু অসম বাংলাদেশ সীমাৰ সৈতে সংলগ্ন হৈ আছে।

● হাতী, ৰয়েল বেঙ্গল বাঘ, মহ, ধনেশ পক্ষী, হৰিণ ইত্যাদি জীৱ জন্তু ৰ বসবাস স্থলী।

● ১৫০ তকৈ অধিক পখিলা,১৭০ তকৈ অধিক চৰাই চিৰিকতি আৰু৩৮০ বিধ বিভিন্ন প্ৰকৃতিৰ উদ্ভিদ আছে ইয়াত।

● এই এলেকাত Manas Biosphere Reserve (BR) অাৰু Chirang-Ripu Elephant Reserve (ER) অন্তৰ্ভুক্ত।

● বিশ্ব পৰিৱেশ দিৱসৰ দিনা অসমে লাভ কৰিলে ৬ ত ম ৰাষ্ট্ৰীয় উদ্যান।

 

To be Continued...



Leave a Comment

error: Content is protected !!