APSC Current Affairs in Assamese [ 11th to 14th May PDF Download]

APSC Current Affairs in Assamese [ 11th to 14th May PDF ]

আন্তৰ্জাতিক নাৰ্চ দিৱস :

International council for nurse ৰ আধাৰত ১৯৬৫ চনৰ   ১২ মে তাৰিখে  পৰা এই দিৱস উদযাপন কৰি অহা হৈছে। এই দিনটোৰ প্ৰত্যেকে দিনা নাৰ্চ সকলে শিক্ষা গত আৰু ৰাজহুৱা বাৰ্তা সামগ্ৰী বিতৰণ কৰে।



 

Table of Contents

ফ্লৰেন্স নাইটিং গেল

তেওঁ আধুনিক নার্সিংৰ প্ৰতিষ্ঠাতা আছিল। তেওঁ নাৰ্চ সকলক crimen যুদ্ধৰ সময়ত প্ৰশিক্ষণ দিছিল। আঘাত প্ৰাপ্ত সৈনিক সকলক শুশ্ৰূষা কৰিছিল। ভিক্টোৰিয়া সংস্কৃতিত তেওঁৰ বাবে নাৰ্চ সকলৰ আধিপত্য সুচাৰ হয়

তেওঁক ” lady of the lamp ” বুলিও কোৱা হয়, কিয়নো তেওঁ সৈনি  সকলক শুশ্ৰূষা কৰোঁতে সদায় হাতত এটা লেম্প লৈ ঘূৰি ফুৰিছিল।

তেওঁ পোন প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠা কৰা nursing স্কুল খন আছিল st thomas আৰু লণ্ডনত অৱস্থিত আছিল।এই খনেই প্ৰথম বিশ্বৰ nursing স্কুল আছিল।

Florence nightingale পুৰস্কাৰ টো নাৰ্চ সকলৰ বাবেই এক অতি গুৰুত্ব পূৰ্ণ পদক যিটো প্ৰদান কৰে the International Committee of the Red Cross।

 




 

Indian Space Research Organisation’s Vikram Sarabhai Space Centre (VSSC),  নিৰ্মাণ কৰিছে প্ৰকাৰৰ অক্সিজেন আৰু ভেন্তিলেটৰ concentrator

কৰুণা ৰ ভয়াবহ পৰিস্থিতৰ বাবে সমগ্ৰ দেশত এতিয়া অক্সিজেনৰ নাটনি হোৱা পৰিলক্ষিত হৈছে যাৰ বাবে , বহু মানুহ মৃত্যু মুখত পৰিব লগা হৈছে।ইয়াৰ বাবে বিশ্ব বিখ্যাত Indian Space Research Organisation’s Vikram Sarabhai Space Centre (VSSC), নিৰ্মাণ কৰি উলিয়াইছে ৩ প্ৰকাৰৰ ভেন্তিলেটৰ আৰু অক্সিজেন concentrator।

এই তিনি প্ৰকাৰৰ concentrator কেইটাৰ নাম হৈছে, প্ৰণা , ভাও আৰু স্বাবস্ত। পূৰ্ণ বন্ধুসুলভ,automated অাৰু touch screen ৰ যোগ্য। প্ৰায় এই তিনিওটা ৰ মূল্য ১ ৰ পৰা ৫ লাখ খৰচ হৈছে।

প্ৰনা ৰ কাম হৈছে অম্বো বেগৰ দ্বাৰা ৰোগীক যথা যোগ্য গেছ দিয়া, স্বাৱস্ত এই বিদ্যুতৰ অবিহনে কাম কৰাৰ বাবে নিৰ্মাণ কৰিছে আৰু ভাও ক এক সমতুল্য উচ্চ মানৰ ভেন্তিলেটিৰ হিচাপে নিৰ্মাণ কৰা হৈছে।

 

ইয়াৰ উপৰিও Indian Space Research Organisation’s Vikram Sarabhai Space Centre (VSSC), এ সৱাছ নামৰ এক ১০ লিটাৰ প্ৰতি মিনিটত অক্সিজেন যোগান ধৰা  এক concentrator নিৰ্মাণ কৰিছে। যি প্ৰেছৰ চুইং পদ্ধতিৰ দ্বাৰা অক্সিজেন উৎপন্ন  কৰে বায়ু পৰা।




 

 

Important key

  • ISRO chairman কে সিৱন।
  • Headquarter কৰ্ণাটক।
  • ১৯৬৯ ১৫ আগষ্টত প্ৰতিষ্ঠা হৈছিল

 ভাৰত আৰু ইণ্ডো নেচিয়াৰ নৌসেনাবিভাগৰ  passex শীৰ্ষক অনুশীলন :

 

  • আৰৱ সাগৰত ইতিমধ্যে ভাৰত আৰু ইণ্ডো নেচিয়াই নৌসেনাবিভাগৰ passex শীৰ্ষক এক অনুশীলন আৰম্ভ কৰিছে।
  • এই অনুশীলনৰ মূল লক্ষ্য যে , দুয়োপক্ষৰ বন্ধুত্ব পূৰ্ণতা সম্পৰ্ক ৰক্ষা কৰা আৰু কামৰ দক্ষতা বৃদ্ধি কৰা।
  • Passex শীৰ্ষক এই অনুশীলন সদায় বন্ধুত্ব পূৰ্ণ দেশৰ মাজত সম্পন্ন হয় ।
  • বিগত বৰ্ষত ১৩ মে তাৰিখে এই অনুশীলন সম্পন্ন হৈছিল ।
  • ভাৰতীয় নৌবাহিনীৰ ভিতৰত নেতৃত্ব লৈছে ins sradha Offshore Patrol Vessel (OPV) with a Chetak helicopter।
  • ইন্দোনেছিয়া ৰ President Joko widodo।
  • Headquarter নতুন দিল্লী।
  • ইণ্ডোেছিয়াৰ ৰাজধানী জাকাৰ্টা
  • ইন্দোনেছিয়া নৌবাহিনীৰ ভিতৰত নেতৃত্ব লৈছে KRI Sultan Hasanudin, এ।

 

ডাঃ তাহেৰা কুটোবুদ্ধিন Sheikh Zayed Book Award বিজয়ী প্ৰথম ভাৰতীয়:

 

  • ডাঃ তাহেৰা কুতুবুদ্ধিন Sheikh Zayed Book Award bijoyi প্ৰথম ভাৰতীয়।
  • ২০১৯ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ ” Arabic Oration: Art and Function’, ” ৰ বাবে এই বঁটা লাভ কৰিছে।
  • আমেৰিকাৰ ত জন্ম গ্ৰহণ কৰে যদিও তেওঁ পশ্চিম মুম্বাই ত ডাঙৰ দীঘল হয় , কুটুবুদ্ধিন পৰিয়ালত তেওঁ জন্ম লাভ কৰে।
  • এই মাহৰ শেষত আবু ধাবিত ( ডুবাই) তেওঁক এই বঁটা প্ৰদান কৰা হব।





 

G7 বৈঠকত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ বাতিল

  • ইউনাইটেড কিংডম লৈ G7 বৈঠকত অংশগ্ৰহণ কৰিবলৈ যোৱা কথা আছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।
  • কিন্তু এইবাৰ বাতিল হল তেওঁৰ অংশগ্ৰহণ।
  • কোনো ভাৰতত দিনক দিনে কৰণা মহামাৰীয়ে যি ন্সৃষ্টি কৰিছে তাকহে লৈ এতিয়া তৎপৰ সকলো ।

G 7 কি হয়?

G7 এক প্ৰকাৰৰ গ্ৰুপিং আন্তৰ্জাতিক দেশ সমূহৰ যত তেওঁলোকে সমগ্ৰ বিশ্বৰ যি বোৰ সমস্যা তাৰ ওপৰত সমাধান আৰু পৰ্যালোচনা কৰে।

এইবাৰ g7 বৈঠক ইউনাইটেড কিংডম ত  ১১ ৰ পৰা ১৩ জুনলৈকে ২০২১ আয়োজন কৰা হব।

ইউনাইটেড কিংডম ৰ চৰকাৰ মিলিত হব , ছাউথ কোৰিয়া, ভাৰত, অষ্ট্ৰেলিয়া, চাউথ আফ্ৰিকা লগত।

Vineyard Wind Project

  • ই এক প্ৰথম বায়ু প্ৰকল্প যিয়ে ৪০০,০০০ ঘৰক শক্তি প্ৰদান কৰিব।
  • মূল লক্ষ্য হৈছে ৮৪ টাৰবাইন ৰ উন্নয়ন আটলান্টিক মহাসাগৰত।
  • ই ২.৮ বিলিয়ন মূল্যৰ এক বৃহৎ প্ৰকল্প।৮০০ মেগা ৱাত পৰ্যন্ত বিদ্যুৎ উৎপাদন কৰিব পাৰে।
  • বৰ্তমান আমেৰিকাত এই প্ৰকল্প অৱস্থিত।
  • এই প্ৰকল্পই ২০২৩ চনৰ পৰা সম্পুৰ্ণ ৰূপে দিব পাৰিব বিদ্যুৎ।
  • ভৱিষ্যত পৰিকল্পনা ৩০০০০ মেগাৱত অফ চৰ ৱিণ্ড প্ৰকল্প ২০৩০ চনলৈ গঠন কৰা।

Maharashtra mission oxygen:




  • মহাৰাষ্ট্ৰ চৰকাৰে এক নতুন প্ৰকল্প ভিত্তিক অভিযান গঢ়ি তুলিছে নাম হৈছে Maharastra mission oxygen।
  • এই অভিযানৰ ভিত্তিত প্ৰায় ৩০০০ টন অক্সিজেন প্ৰতিদিনে উৎপাদন হব।
  • এই সমগ্ৰ প্ৰকল্পটোৰ মূল্য ২০০ কোটি টকা।
  • ব্যক্তিগত খণ্ডকো এই অভিযানে সাঙুৰি লৈছে।
  • এই অভিযানৰ ভিত্তিত চৰকাৰে 290 Pressure Swing Absorption plants and Liquid Medical Oxygen plants ৰ প্ৰতিষ্ঠা কৰিব পাৰিব।
  • এই অভিযানৰ ভিত্তিত প্ৰত্যেক বিভাগত এটাকৈ হলেও অক্সিজেন প্লান্ত নিৰ্মাণ কৰা সম্ভৱ হব।

Related Post:

ইজৰাইল সৈন্যৰ বায়ু সংঘৰ্ষ

  • গাজা নামৰ ঠাই খনৰ বিভিন্ন ক্ষেত্ৰত ইজৰাইলৰ সৈন্যই ৰকেতৰ দ্বাৰা বোমা বিস্ফোৰণ সংঘটিত কৰে।
  • ২০১৪ চনৰ পাছত ই এক বৃহৎ বায়ু সংঘৰ্ষ বুলিব পাৰি।
  • সোমবাৰে হামাচে ১০০ ত কৈও অধিক ৰকেট নিক্ষেপ কৰে।ইয়াৰ প্ৰত্যুত্তৰ ত ১০০ t কৈ অধিক গাজাৰ পৰা বায়ু সংঘৰ্ষ কৰে।
  • ইজৰাইল পুলিচ আৰু পেলেষ্টাইন সকলৰ মাজত হোৱা সংঘৰ্ষ ক প্ৰতিহত কৰিবলৈ, ৰকেট দ্বাৰা প্ৰতিহত কৰে।
  • Hamas স্থাপিত হৈছিল ১৯৮৭
  • ধৰ্মনিৰপেক্ষ নীতি ইজৰাইল আৰু পেলেষ্টাইন গ্ৰুপৰ ই বিৰোধিতা কৰে।
  • গা জা আৰু ৱেষ্ট বেংক ত ই সক্ৰিয়।

হোমেন বৰগোহাঞি:

অসমৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা সম্পাদক হোমেন বৰগোহাঞি। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনৰ ৭ ডিচেম্বৰত বৰ্তমানৰ লখিমপুৰ জিলাৰ ঢকুৱাখানাত।

শিক্ষা:

হোমেন বৰগোহাঞিয়ে লখিমপুৰতে স্কুলীয়া শিক্ষা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কটন কলেজত নামভৰ্তি কৰে।




কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতে অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ এগৰাকী চৰকাৰী বিষয়া হিচাপে চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছলৈ চাকৰি ত্যাগ কৰি সাংবাদিকতাৰ জীৱন আৰম্ভ কৰে হোমেন বৰগোহাঞিয়ে।

গ্ৰন্থ:

হোমেন বৰগোহাঞিৰ প্ৰথমখন উপন্যাস হ’ল ‘সুবালা’। ইয়াৰ পিছতে সাউদৰ পুতেকে নাও মেলি যায়, হালধীয়া চৰাইয়ে বাওধান খায়, অস্তৰাগ, পিতাপুত্ৰ, তিমিৰ তীৰ্থ, কুশীলৱ, মৎস্যগন্ধা, তান্ত্ৰিক এদিনৰ ডায়েৰী, বিষণ্ণতা, নিসংগতা আদিকে কৰি বৰগোহাঞিৰ কেবাখনো উপন্যাস প্ৰকাশ পায়।

তেওঁৰ একমাত্ৰ কবিতা পুথিখন হ’ল ‘হৈমন্তী’।

তেঁও লাভ কৰা বঁটা

১৯৭৮ চনত উপন্যাস পিতাপুত্ৰৰ বাবে হোমেন বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰিও বৰগোহাঞিয়ে মেগৰৰ অসম সাহিত্য উপত্যকা বঁটা, নীলমণি ফুকন বঁটা, অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা, মৎসেন্দ্ৰ বঁটা আদিকে ধৰি বিভিন্ন বঁটা আৰু সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল।

 

কৰ্ম জীৱন

সাপ্তাহিক নীলাচলত সাংবাদিকতা আৰম্ভ কৰা হোমেন বৰগোহাঞিয়ে বিগত সময়ছোৱাত সূত্ৰধাৰ, নাগৰিক, সাতসৰী আদি আলোচনী, অসম বাণী, আমাৰ অসম, অসমীয়া দৈনিক বাতৰি, নিয়মীয়া বাৰ্তাৰ আদি সাপ্তাহিক আৰু দৈনিক বাতিৰ কাকতৰ সম্পাদক ও মুখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি অসমীয়া সাংবাদিকতাৰ ক্ষেত্ৰতখনলৈ বহু অৱদান আগবঢ়াই থৈ গৈছে। মৃত্যুৰ সময়তো হোমেন বৰগোহাঞি দৈনিক  বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কৰ্মৰত আছিল।




২০০২ চনৰ ডিব্ৰুগড় অধিবেশনৰ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ সভাৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰে।

১২ মে,২০২১ চনত তেওঁৰ মৃত্যু হয়।

চীনৰ Yaogan-30 satellites শীৰ্ষক উপগ্ৰহৰ উৎক্ষেপণ

  • চীনে Jiuquan Launch Centre ৰ pora ei উপগ্ৰহটো উৎক্ষেপণ কৰে
  • ২০২১ ত প্ৰায় ৪০ টাৰো অধিক উপগ্ৰহ উৎক্ষেপণৰ কথা পৰিকল্পনা কৰিছে চীনে।
  • এই উপগ্ৰহ বিধ মাটিকালিৰ তথ্য, বৈজ্ঞানিক গৱেষণা , দুৰ্যোগ পৰিচালনা আদিৰ বাবে ব্যৱহৃত হব বুলি জানিব পৰা গৈছে।
  • চীনে ২০২১ ৰ এপ্ৰিল মাহত Tianhe space station core module namor space station।
  • এইটো চীনৰ সৰ্ব প্ৰথম space station।

Bloody moon কি ?

  • Bloody moon বিশেষ দিনত হয় যেতিয়া সম্পুৰ্ণ চন্দ্ৰ গ্ৰহণ হয়। যাৰ বাবে চন্দ্ৰৰ ৰং টো ৰঙা ৰঙলৈ পৰিবৰ্তন হয়। যাৰ বাবে ইয়াক কোৱা হয় bloody moon।
  • এইবছৰ ২৬ মে তাৰিখে bloody moon হব। ২০১৯ ৰ ২০/২১ তাৰিখে হৈছিল।

কিয় চন্দ্ৰৰ ৰং সলনি হয়?

পূৰ্ণিমা ৰাতি চন্দ্ৰ গ্ৰহণ হয়।এই সময়ত চন্দ্ৰটো পৃথিৱীৰ ছাঁৰ তলত আহে।এইটো সময়ত সূৰ্য্যোষ্ট আৰু সূৰ্য্য উদয়ৰ সময়তপৃথিৱীৰ পৰা কিছু পোহৰ চন্দ্ৰৰ ওপৰত পৰে। যিটো ৰঙা ৰং সেইটো তীব্ৰ হয় পৰে। যাৰ বাবে ৰঙা হয় পৰে চন্দ্ৰ।

National Bamboo Mission: MIS Module launched :

নেছনেল বেম্বো মিছন, নতুনকৈ উৎক্ষেপণ কৰিছে Management Information System যিয়ে , থলুৱা ধূপ উদ্যোগ সমুহ শক্তিশালী।

MIS MODULE কি?

ই ধুপ উদ্যোগৰ কেঁচা সামগ্ৰীৰ উপলভ্যতা, ষ্টিক বনোৱা কম্পেনী, ইউনিট ৰ function ইত্যাদিৰ তথ্য সংগ্ৰহ কৰে।

 

National bamboo mission কি?

এই মিছন ২০১৮-১৯ চনত উৎক্ষেপণ কৰা হৈছিল।

বৰ্তমান ২১ ৰাজ্যত এই মিছন ৰূপায়ন কৰা হৈছিল।




 

Beema bamboo

ই আটাইতকৈ শীঘ্ৰে বৃদ্ধি হোৱা এক বাঁহৰ প্ৰকৃতি।

এই প্ৰকাৰৰ বাহঁ একৰ পৰা আধা ফুট লৈকে দৈনিক বৃদ্ধি পায়।

ই কাৰ্বন ডাই অক্সাইড হ্ৰাস কৰাত সহায় কৰে।

ইয়াক এবাৰ ৰোৱাৰ পাছত দ্বিতীয় বাৰ ৰোৱাৰ প্ৰয়োজন নাই।

 

১৮ ছেপ্টেম্বৰ তাৰিখে বিশ্ব বাঁহ দিৱস পালন কৰা হয়

 

World Food Award” ৰে পুৰস্কৃত শকুন্তলা হাৰক সিং

  • ভাৰতৰ global nutritionist শকুন্তলা হৰক সিঙে ২০২১ বৰ্ষৰ World Food Award” পুৰস্কাৰ লাভ কৰে।
  • খাদ্য প্ৰক্ৰিয়া আৰু সাগৰীয় খাদ্যৰ ওপৰত এক গৱেষণাৰ ভিত্তিত লাভ কৰে তেওঁ এই পুৰস্কাৰ।
  • এই পুৰস্কাৰক Nobel Prize for Food and Agriculture buliu কোৱা হয়।
  • প্ৰত্যেক বছৰে কমিটিৰ সিদ্ধান্ত অনুসৰি এই পুৰস্কাৰৰ অধিকাৰী ঘোষণা কৰা হয়।
  • প্ৰায় ২৫০০০০ ডলাৰ সন্মানিত ব্যক্তি জনে লাভ কৰে।
  • World Food Programme হেদ কুৱাতৰ ৰোম, ইটালীত অৱস্থিত।
  • এই প্ৰগ্ৰামৰ প্ৰতিষ্ঠা হৈছিল ১৯৬১ চনত।





 

নেপালৰ প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰিলে কে পি শৰ্মা অলিয়ে

  • নেপালত কে পি শৰ্মা অলিয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাবে শপতগ্ৰহণ কৰে।
  • নেপালৰ বিৰোধী দলসমূহে চৰকাৰ গঠন কৰি ব পৰাৰ জোখাৰে সাংসদ গোটাই ল’ব নোৱাৰাৰ পৰিণতিতে কে পি শৰ্মা অলিয়ে দেশ খনৰ প্ৰধানমন্ত্ৰী হিচাবে তৃতীয়বাৰৰ বাবে শপতগ্ৰহণ কৰিবলৈ সক্ষম হয়।
  • কে পি শৰ্মা অলিয়ে পূৰ্বে ২০১৫ চনৰ ১১ অক্টোৱৰৰ পৰা ২০১৬ চনৰ ৩ আগষ্ট আৰু ২০১৮ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ২০২১ চনৰ ১৩ মে’ পৰ্যন্ত প্ৰধানমন্ত্ৰী হিচাবে নিযুক্ত হৈ আছিল।
  • ৩০ দিনৰ ভিতৰত সংসদত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব তেওঁ।
  • নেপালৰ সংসদত সংখ্যগৰিষ্ঠতাৰ বাবে ১৩৬ গৰাকী সাংসদৰ সমৰ্থনৰ প্ৰয়োজন।

 

অসমৰ ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰ:

তলাতল ঘৰটো আহোম স্বৰ্গদেউ সকলৰ দ্বাৰা নিৰ্মিত এটা সাত মহলী়য়া ৰাজমহল। আহোম ৰজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই  (  চাওফা চ্যু-ৰাম-ফা ) ১৭৫১-১৭৬৯ ৰাজত্ব কালত ১৭৬৫ খ্ৰীষ্টাব্দত  ঘনশ্যাম খনিকৰৰ তত্বাবধানত শিৱসাগৰ ( ৰংপুৰত ) ৰাজমহল নিৰ্মাণ কৰাইছিল ।

 

স্থাপত্য আৰু ভাস্কৰ্য্য :- তলাতল  ঘৰৰ তিনিটা মহল  মাটিৰ তলত আৰু চাৰিটা মহল মাটিৰ ওপৰত  আছে ।সমতলৰ তলাত সোমাই  বাওঁ  পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা ।  তলাতল ঘৰৰ দুটা  গোপন সুৰংগ আছিল । তলাতল ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা  সুৰংগৰ দৈঘ্য আছিল ৩  কিলেমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰৰ  লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ১৫ কিলোমিটাৰ ।

 

স্থাপত্য আৰু ভাস্কৰ্য্য :-




  • তলাতল ঘৰৰ তিনিটা মহল  মাটিৰ তলত আৰু চাৰিটা মহল মাটিৰ ওপৰত  আছে ।
  • সমতলৰ তলাত সোমাই বাওঁ  পাকে ঘূৰিলে সোঁ দুৱাৰেদি ওপৰ তিনিতলা আৰু তললৈ তিনি তলা ।
  • তলাতল ঘৰৰ দুটা  গোপন সুৰংগ আছিল ।
  • এই ঘৰৰ পৰা দিখৌ নৈৰ লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ৩  কিলেমিটাৰ আৰু তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰৰ  লগত সংযোগ কৰা সুৰংগৰ দৈঘ্য আছিল ১৫ কিলোমিটাৰ ।
  • তলাতল ঘৰৰ চাৰিটা মহল কাঠেৰে নিৰ্মিত  আছিল যিবোৰ সম্পূৰ্ণৰূপে ধ্বংস হয় ।
  • শেহতীয়াকৈ প্ৰত্নতাত্বিক খনন কাৰ্যৰ দ্বাৰা কাঠৰ স্তম্ভ, পোৰা ইটাৰ তিনিস্তম্ভৰ যুক্ত ভগ্নাৱশেষ, স্তম্ভৰ  গাতৰ চিহ্ন, উত্তৰ আৰু পশ্চিম  দিশত একোটিকৈ পদপথ উদ্ধাৰ কৰা হৈছে
প্ৰথম অংশ (১)
to be continued....

Leave a Comment

error: Content is protected !!