পোন প্ৰথমে নেতাজী সুভাষ চন্দ্র বসুয়ে “জয় হিন্দ” শ্লোগান দিয়া নাছিল

নেতাজী সুভাষ চন্দ্র বসুয়ে জয় হিন্দ শ্লোগান দিছিল নে?





বহুতেই বিশ্বাস কৰে যে জয় হিন্দ শ্লোগান সুভাষচন্দ্র বসুৱে দিয়া বুলি। কিন্তু প্ৰকৃততে হাইদৰাবাদৰ এখন গ্ৰন্থত ইয়াৰ বিৱৰণ কিছু পৃথকভাবে পোৱা যায়। কিতাপখনৰ মতে জয় হিন্দ শব্দটো প্ৰথমে সেইজন ব্যক্তিয়ে দিছিল যিজনে নেতাজীৰ সচিব আৰু অনুবাদক হিচাপে কাম কৰিবলৈ নিজৰ ইঞ্জিনিয়াৰিং শিক্ষা বাদ দিছিল।

“Lengendotes of Hyderabad” শীৰ্ষক গ্ৰন্থ খনত লিখক নৰেন্দ্ৰ লোথাৰে ( ভূতপূর্ব এজন অসামৰিক বিষয়া) এই সম্পর্কে বহুতো তথ্য প্ৰমাণ দাঙি ধৰিছে।

লিখকৰ মতে “Jai Hind” শ্লোগানটো পোন প্ৰথমবাৰৰ বাবে Zain-ul Abideen Hasan ( হাইদৰাবাদৰ এজন কালেক্টৰ পুত্র)এ ব্যৱহাৰ কৰিছিল। যিজনে জাৰ্মানীত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল।


দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত নেতাজী ভাৰতবৰ্ষক স্বাধীন কৰিবলৈ জাৰ্মানীলৈ সামৰিক সাহায্যৰ কাৰণে গৈছিল। তাতেই হাচানৰ লগত নেতাজীৰ সাক্ষাৎ হৈছিল আৰু হাচানে নেতাজীৰ দেশ ভক্তিত অভিভূত হৈ নেতাজীৰ লগত জড়িত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

পিছলৈ হাচান ইন্ডিয়ান নেশ্বনেল আৰ্মিৰ এজন মেজৰ পদত অধিষ্ঠিত হ’ল আৰু বাৰ্মা (বৰ্তমান ম্যানমাৰ) ৰ পৰা ইন্ডিয়ান ফ্ৰন্টিয়াৰ লৈকে মাৰ্চত অংশগ্রহণ কৰিছিল।

More Information Click here

Leave a Comment

error: Content is protected !!