প্ৰধানমন্ত্ৰী মোডীৰ ৯৫ সংখ্যক ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ বাৰ্ষিক অধিৱেশন সম্বোধন

প্ৰধানমন্ত্ৰী মোডীৰ ৯৫ সংখ্যক ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চৰ বাৰ্ষিক অধিৱেশন সম্বোধন:

১১ জুন, ২০২০ তাৰিখে প্ৰধানমন্ত্ৰী মোডীয়ে ICC ৰ বাৰ্ষিক অধিৱেশনত ভিডিও যোগে সম্বোধন কৰে।

পোন প্ৰথমে প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা সন্মুখীন হোৱা ক’ৰণা ভাইৰাছৰ ফলত সৃষ্টি হোৱা অপ্রীতিকৰ অৱস্থাৰ কথা উল্লেখ কৰে  আৰু লগতে তেখেতে উল্লেখ কৰে যে ইতিপূর্বে ভাৰতৰ বিভিন্ন ৰাজ্যত হোৱা প্ৰাকৃতিক দুৰ্যোগ সমূহৰ কথাও উল্লেখ কৰে।  তেখেতে সকললোৱে যি সহাৰি জনাই তাক স্বীকাৰ কৰি অনাগত দিনত একেলগে ইয়াৰ বিৰূদ্ধে যুজিবলৈ আহব্বান জনায়।
প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰতীয় নাগৰিক সকলক “আত্ম নিৰ্ভৰ ভাৰত” গঠন কৰাৰ আহব্বান জনায় আৰু এই ক্ষেত্ৰত স্বামী বিবেকানন্দৰ কথাৰ উদ্বৃতিৰে কয় যে ভাৰত উৎপাদনৰ ক্ষেত্রত সম্ভাৱনীয়তা থকাৰ লগতে বিশ্বৰ বজাৰ দখলত কৰাৰো পূৰ্ণ সম্ভাবনা আছে।
তেওঁ ভাৰতৰ নিৰ্মাণ খণ্ডৰ যি ঐতিয্য আছিলে তাক পুনৰুদ্ধাৰ কৰাত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে, যাৰ দ্বাৰা ভাৰত নিৰ্মাণ খণ্ডৰ কেন্দ্র স্বৰূপ হ’ব পাৰে। তেখেতে আৰু উল্লেখ কৰে যে বৰ্তমান ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰত যি সমস্যাই দেখা দিছে তাৰ পৰা শীঘ্রই পৰিত্ৰাণ পাবলৈ কঠোৰ পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তা আছে।
ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চ গঠন কৰা হৈছিল ১৯২৫ চনত। ইয়াৰ মূখ্য কাৰ্যালয় কলিকতাত অৱস্থিত।

Leave a Comment

error: Content is protected !!