পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে [ কিয় আৰু কেতিয়াৰ পৰা পালন কৰা হৈছিল]

ৰাষ্ট্ৰীয় পঞ্চায়তৰাজ দিৱস:

প্ৰত্যেক বছৰে ২৪ এপ্ৰিল অৰ্থাৎ আজিৰ দিনটো পঞ্চায়তীৰাজ দিৱস হিচাপে পালন কৰা হয়।

• ২০১০ চনত মন মোহন সিঙে ২৪ এপ্ৰিল দিনটো ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰে।

• বলবন্ত ৰাই কমিটীৰ আধাৰত এই পঞ্চায়তীৰাজৰ ব্যৱস্থাৰ প্ৰতিষ্ঠা কৰা হৈছিল।

৭৩ নং সংবিধান সংশোধনীৰ বৈশিষ্ট্য:

• গাওঁ সভা গঠন।

• তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থা।

• প্ৰত্যেক ৰাজ্যত এখনকৈ স্বতন্ত্ৰ নিৰ্বাচনী আয়োগ থাকিব।

• অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আসন সংৰক্ষণ।

• মহিলাৰ বাবে এক তৃতীয়াংশ আসন সংৰক্ষণ।

• প্ৰত্যেক ৰাজ্যত এখনকৈ বিত্তীয় আয়োগ থাকিব।

কি কি সন্মান এই বিশেষ দিনত প্ৰদান কৰা হৈছিল

• দিন দয়াল উপাধ্যায় পঞ্চায়ত সংস্কৃতন পুৰস্কাৰ ৰাষ্ট্ৰীয় পঞ্চায়ত ৰাজ দিৱস ত প্ৰদান কৰা হয়।

• গ্ৰাম সভালৈ নানাজি দেশ মুখ ৰাষ্ট্ৰীয় গৌৰৱ সভা পুৰস্কাৰ প্ৰদান কৰা হয়।

• শিশু বন্ধু সুলভ গ্ৰাম পঞ্চায়ত পুৰস্কাৰ আৰু ই পঞ্চায়ত পুৰস্কাৰ প্ৰদান কৰা হয়।

• ২০২০ চনৰ ৰাষ্ট্ৰীয় পঞ্চায়ত ৰাজ দিৱস ত স্ববিত্মা আঁচনি (svamitva scheme) উৎক্ষেপণ কৰে।

• ৭৪০০০ হাজাৰ তকৈ অধিক পঞ্চায়ত যোগদান কৰিছিল সেই বৰ্ষত।

• ২.৬ লাখতকৈ অধিক পঞ্চায়ত বৰ্তমান দেশত আছে।

পঞ্চায়তীৰাজ ব্যৱস্থাটো পোন প্ৰথমবাৰৰ বাবে ৰাজস্থানৰ নাগোৰ জিলাত আৰম্ভ হৈছিল ১৯৫৯ চনত।

 

 

 

 

 

 

 

 

Leave a Comment

error: Content is protected !!