অলিম্পিকত পদক বিজয়ী লাভলীনা বৰগোহাঁইক অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে:
- pc- Lovelina Borgohain facebook page
অসম চৰকাৰে শনিবাৰে ঘোষণা কৰা বিভিন্ন উদগনি মূলক বঁটাৰ ভিতৰত টকিঅ অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক অসম সৌৰভ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে । তদুপৰি অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচন কৰিছে এভাৰেষ্ট বিজয়ী পৰ্বতাৰোহী খৰছিং তেৰাং ক । ক্ৰীড়াক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা দুয়োগৰাকীকে সন্মানিত কৰিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীয়ে আদৰণি জনাইছে । অসম চৰকাৰে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মুঠ ৫ গৰাকী লোকলৈ অসম সৌৰভ আৰু ১৩ গৰাকী লোকলৈ অসম গৌৰৱ বঁটাৰ বাবে নাম ঘোষণা কৰিছে । লগতে ৰতন টাটাক অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা প্ৰদান কৰাৰ কথা ঘোষনা কৰে।
উল্লেখযোগ্য যে বিগত বৰ্ষ সমূহত অসমৰ সৰ্বোচ্চ সন্মান অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল যাক বৰ্তমান অসম বৈভৱ বঁটা নামেৰে নামাকৰণ কৰা হৈছে।
1 thought on “লাভলীনালৈ অসম সৌৰভ বঁটা”