আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২১ [ International Yoga Day 2021]

Table of Contents

 সপ্তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস :

ফটো উৎস – Ministry of AYUSH

প্ৰতি বছৰে জুন মাহৰ ২১ তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। আমাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৫ চনৰ জুন মাহৰ ২১ তাৰিখৰ পৰাই প্ৰথমে যোগ দিৱস পালন কৰে। প্ৰতি বছৰে আয়ুসে ( Ministry of AYUSH) যোগ দিৱস অনুষ্ঠিত কৰে।



যোগ এনে এটা প্ৰক্রিয়া যাৰ দ্বাৰা দেহ,মন আৰু আত্মাৰ সংযোগ স্থাপন কৰিব পাৰি। যোগ এটা সংস্কৃত শব্দ যাৰ অৰ্থ একলগ কৰা। ভাৰতীয় সংস্কৃতিত যোগৰ এক বিশেষ স্থান আছে। যোগ দেহ আৰু মন দুয়োটাৰ কাৰণে উপযোগী।

যোগৰ সাধনা কৰা সকলক যোগী বোলে।যোগসূত্ৰ হল ২০০০ বছৰীয়া পুৰণি পুথি। যোগৰ ওপৰত এইটোৱেই আটাইতকৈ পুৰণি পুথি। পুথিখনত যোগৰ দ্বাৰা কেনেকৈ দেহ,মন আৰু আত্মাৰ বিকাশ সাধন কৰিব পাৰি সেই কথা লিখা আছে।




যোগৰ ছয়টা শাখা আছে সেই কেইটা হল সত্য যোগ,ৰাজ যোগ,কৰ্ম যোগ,ভক্তি যোগ,জ্ঞান যোগ আৰু তন্ত্ৰ যোগ। আৰু সাতটা চক্র আছ।

যোগৰপযোগীতা:

১) যোগ হৈছে একমাত্ৰ প্ৰক্রিয়া যাৰ দ্বাৰা দৰৱ অবিহনে যিকোনো বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

২) এজন মানুহে ২০-৩০ মিনিট যোগ কৰিলে তাৰ দেহৰ পৰা ভাগৰুৱা ভাব নাইকিয়া হয়।

৩) যোগৰ দ্বাৰা দেহ সঠিক আকাৰ লাভ কৰে।আৰু ই গাৰ বিষ নাইকিয়া কৰে। ৪) ই মন সুস্থ কৰি ৰাখে আৰু ইতিবাচক চিন্তাৰ খোৰাক যোগায়।

৫) যোগাসনে পেশী শক্তিশালী কৰি ৰাখে।

৬) যোগাসন কৰিলে মনলৈ চিন্তা নাহে ।আৰু ই মানসিক চাপৰ পৰা সকাহ দিয়ে।

৭) যোগাসন হাড় মজবুত কৰে। ৰক্ত সঞ্চালন ভাল কৰে। উচ্চ ৰক্তচাপ আৰু ডায়বেটিছৰ দৰে বেমাৰৰ মহৌষধ।

8)যোগাসনে ওজন কমায়।আৰু টোপনি ভাল হয়।

যোগৰ বিকাশত ভাৰতৰ ভূমিকা:

যোগৰ উৎপতি ভাৰতত। ৫০০ বছৰ আগতে ভাৰতত যোগৰ আৰম্ভ হৈছিল। আৰু ই লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই আমেৰিকাত যোগৰ ওপৰত মূল্যবান বক্তৃতাৰে যোগৰ ধাৰণা আগবঢ়ায়।

বক্তৃতাত তেওঁ কয় যে যোগ প্ৰাচীন ভাৰতীয়ৰ এটা মূল্যবান অৱদান। ই দেহ আৰু মন কৰ্ম আৰু চিন্তা মানুহ আৰু প্ৰকৃতিৰ সংযোগ স্থাপন কৰে।

আমেৰিকাত যোগৰ ওপৰত দিয়া গুৰুত্বপূৰ্ণ বক্তৃতাৰ পৰাই ৰাষ্ট্ৰসংঘৰ এছেম্বলীয়ে ২১ জুন তাৰিখ টো যোগ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লয়।




মন্তব্য :

প্ৰতি বছৰে জুন মাহৰ ২১ তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এই দিৱস প্ৰথমে আৰম্ভ কৰে। ইয়াৰ লক্ষ্য মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধি। মন,দেহ আৰু আত্মাৰ সংযোগ স্থাপন। ই দেহ আৰু মন সুস্থ কৰি ৰাখে। বিদ্যালয়ত এই দিনটো ছাত্ৰ আৰু অভিভাৱক সকলক লৈ বিভিন্ন ক্রিয়াকলাপৰ মাজেদি উৎযাপন কৰিব পাৰি।



Leave a Comment

error: Content is protected !!