India China issue and it’s solutions

India China issue and it’s solutions:





প্ৰথম কথা হৈছে যুদ্ধই কেতিয়াও সম্পূৰ্ণ সমাধান আনিব নোৱাৰে উদাহৰণ হিচাপে পাকিস্থানৰ লগত হোৱা যুদ্ধৰ কথাকে ক’ব পাৰো।২য়তে, ৰাস্ট্ৰ সংঘৰ দৰে অনুষ্ঠান সমূহ সচাঁ অৰ্থত গনতান্ত্ৰিক নহয়, তাত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সমূহৰ অধিপত্য চলে গতিকে ৰাস্ট্ৰ সংঘত ইয়াৰ সমাধান পোৱা নাযাব, তৃতীয়তে বিকল্প সামগ্ৰী নিজ দেশত সমমূল্যত উৎপাদন নকৰা পৰ্য্যন্ত চীনা সামগ্ৰী সম্পূৰ্ণ বৰ্জন সম্ভৱ নহব |গতিকে কৌশলী কূটনৈতি চুক্তি সন্ধিৰে এই সমস্যা সমাধানৰ চেষ্টা কৰাই বুদ্ধিমানৰ কাম হ’ব বুলি ভাবো।- Amal Thakuria

কূটনীটিৰ বিকল্প নাই বুলিয়েই ভাৱো,কিয়নো ভাৰতে যদি আন আন প্ৰভাৱশালী দেশৰ লগত মিলিত হয় চীনৰ আগ্ৰাসী তথা হিংসাত্মক,দমনমূলক প্ৰবৃত্তিক উলংগ কৰিব পাৰে তেতিয়া আন্তৰাষ্ট্ৰীয় স্তৰত একাষৰীয়া কৰিব পৰাৰ এটা সূযোগ আছে।এখন পূৰ্ণপৰ্যায়ৰ যুদ্ধ দুখন বৃহৎ জনবহুল দেশৰমাজত আজিৰ তাৰিখত কাম্য নহয়,বিশেষকৈ অৰ্থনৈতিক ভাবে কাৰণ কৰ’ণাই দুয়োখন দেশ জুৰুলা কৰি থৈছে।ৰাষ্ট্ৰসঙ্ঘৰ ভূমিকাৰ ক্ষেত্ৰত বহুখিনি সন্দেহ ৰৈ যায়,কাৰণ তাত চীন ‘নিৰাপত্তা পৰিষদ’ৰ পাঁচ খন স্থায়ী সদস্য দেশৰ মাজৰ এখন স্থায়ী সদস্য দেশ,গতিকে চীনৰ নিশ্চয়কৈ তাত ক্ষমতা আছে অাৰু মধ্যস্থতা কিমান সফল হব সেয়া এক লক্ষণীয় বিষয়।চীনা বস্তু বৰ্জন এটা বিকল্প হ’ব যদি ভাৰতত উচ্চ মানদণ্ডৰ সামগ্ৰী কম দামৰ (ক্ৰয় ক্ষমতাৰ)উৎপাদন হয়,লগতে কেচাঁ মালখিনি আমাৰ দেশৰ হলে আৰু ভাল হব।কিন্তু সেয়া চৰকাৰী নীতি হিচাপে কঠোৰ হ’লে সঠিক হ’ব।সেয়েহে কূটনৈতীক যূজত অৱতীৰ্ণ হোৱাটোৱে শ্ৰেয়। Bedanta Kumar Deka

আলোচনাৰ যোগেদি যিকোনো সমস্যা সমাধান কৰিব পৰা যায়।কিন্তু ইয়াৰ কাৰণে লাগিব আমাৰ দেশৰ প্ৰতিনিধিসকলৰ সদিচ্ছা। সমাধানৰ সদিচ্ছা নোহোৱাকৈ কেৱল ৰাজনীতি কৰিবলৈ যিকোনো পন্থাই প্ৰয়োগ নকৰক কিয় সমাধান কেতিয়াও নহ’ব।কিন্তু ইয়াৰ কাৰণে দেশৰ জনতাই দেশৰ সাহস হিচাপে থিয় দিব লাগিব।আলোচনাৰে সমাধান নহ’লে অন্তিম পৰ্যায়ত যুদ্ধ কৰি হ’লেও মাতৃভূমিক ৰক্ষা কৰিবই লাগিব।ইয়াৰ কাৰণে দেশৰ যুৱ সমাজ সজাগ থাকিব লাগিব,প্ৰয়োজনত যুদ্ধক্ষেত্ৰত নামিব লাগিব।- Samidul Islam Chaudhary


আটাইতকৈ শক্তিশালী weapon এইটোৱে৷ কিন্ত ইয়াৰ বাবে আৱেগত উটি ভাহি চীনা ফোন, এপ, টিভি ভাঙিলেই সুফল পাব বুলি আশা কৰিব নোৱাৰি৷ তাৰ কাৰণে লাগিব দীৰ্ঘম্যাদী তথা সুপৰিকল্পিত অৰ্থনৈতিক পৰিকল্পনা৷ যিহেতু ভাৰত পৃথিৱীৰ ভিতৰতে এখন ডাঙৰ উপভোক্তা দেশ (consumer country) সেয়ে চীনে ভাৰতক dumping ground হিচাপে ব্যৱহাৰ কৰি আহিছে৷ অৰ্থাত অতি কম দামৰ সামগ্ৰী যোগান ধৰে৷ যাৰ ফলত ভাৰতীয় বজাৰ খন চীনৰ হাতলৈ গুছি গৈছে আৰু থলুৱা ভাৱে বস্তু উৎপাদন কৰা উৎপাদক সকল লোকচান সহি বজাৰৰ পৰা আতঁৰি যাবলৈ বাধ্য হৈছে৷ সেয়ে চৰকাৰে সম্পূৰ্ণ থলুৱা ভাৱে উৎপাদক সকলক কৰ ৰেহাই, চাবচিদী আদি দি উৎসাহিত কৰিব লাগিব৷ বিভিন্ন চৰকাৰী কাৰ্যালয় আদিত তেনে বস্তু ব্যৱহাৰ কৰি তেওঁলোকক সকাহ দিব লাগিব৷ এই ব্যৱস্থাত সময় তথা চৰকাৰী পক্ষৰ সদিচ্ছা আৰু সহযোগিতা লাগিব৷- Ritika Saikia




War is never a solution to restore peace,in this modern world”.
Every nation wants to grow, develop and evolve peacefully.
In order to avoid the ongoing war-like situation between India and China, both the nations should come forward and restore to di
plomatic discussions/dialogues and create win-win situations for themselves in every possible aspect. Both India and China are mutually inter-dependent on each other in innumerable aspects of trade,commerce,scientific advancements,mineral resources etc.
Both the nations are holding the world’s biggest resource I.e. the human resource and are the fastest developing nations; a war between the two, would pull in the entire world in between resulting in an unavoidable 3rd World-war like scenario; neither China nor India would like to do that hence Diplomatic discussions are always favoured.Apart from that India should focus more on the recently announced “Aatmanirbhar Bharat”, industries and entrepreneurs should come up with alternative options of Chinese products, on which Indian wallet is heavily dependent upon so that in due course “We” as a nation create an Economy for ourselves rather than booming it for China(owing to their technological advantage and pricing) but in Indian market.Both the nations are facing an economic crisis or slowdown, like the entire world due to the on going Pandemic, so a war will aggravate it further and make it worst.
Diplomacy with an interest to bring in Peace is the best solution for both the nations. – Mantu Roy


মই ভাবো কূটনীতিয়ে হৈছে ভাৰত আৰু চীনৰ মাজত সমস্যা সমাধানৰ একমাত্ৰ পথ। যিয়ে প্ৰত্যক্ষ ভাৱে জড়িত কৰি দুয়োখন দেশকে এক এৰা ধৰাৰ মাজেৰে সমাধানৰ পথ উলিয়াৱ।২! যুদ্ধই জনসাধাৰণৰ আৰু দেশৰ ক্ষতি সাধন কৰাৰ বাদে আন একো কৰিব নোৱাৰে। হয়তো যুদ্ধৰ দ্বাৰা একোটা শক্তি পৰাজিত হব বা কোনোবাই বশ্যতা স্বীকাৰ কৰি ল’ব। কিন্তু দুয়োটা শক্তিৰ মাজত ভৱিষ্যতেও শংকা আৰু সন্দেহৰ ভাৱ বিৰাজমান হৈ থাকিব। সেই শংকা আৰু সন্দেহকো এক প্ৰকাৰৰ যুদ্ধ বুলিয়েই কব পাৰি। উদাহৰণ স্বৰূপে- শীতল যুদ্ধৰ কথা কব পাৰি।৩! ৰাষ্ট্ৰসংঘৰ মধ্যস্হতাত সমস্যা সমাধানৰ কৰিবলৈ গ’লে সেইটো কিমান নিৰপেক্ষ হ’ব অতীতত চালেই গম পোৱা যায়। চীন দেশৰ অনুদান ৰাষ্ট্ৰসংঘৰ মজিয়াত কিমান বেছি সেইটো ভাৰতৰ কল্পনাৰ বাহিৰত। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহো নিৰপেক্ষ ভূমিকা গ্ৰহণ যে কৰিব সেইটোও ভাবিব নোৱাৰি। মানুহে ভাবিব পাৰে যে কৰোনা মহামাৰীৰ আবিষ্কাৰক চীন দেশক সকলোৱে একাষৰীয়া কৰিব । কিন্তু এইটো ধাৰণা অকল কৰোনাৰ ঔষধ নোলোৱা লৈকে হে বিৰাজ হৈ থাকিব।৪! চীনা সামগ্ৰী বৰ্জনৰ সিদ্ধান্তৰে ভাৰত আৰু চীনৰ এই সংঘাত নিৰ্মূল কৰা উপায়টো মূৰ্খামিৰ বাদে আন একো নহয়। কাৰণ চীন দেশৰ সামগ্ৰী অকল ভাৰতে হে বৰ্জন কৰিব । বিশ্বৰ বাকী ৰাষ্ট্ৰসমূহে এইক্ষেত্ৰত বিপৰীত। আনহাতে ভাৰতত চীনৰ সামগ্ৰী বৰ্জনৰ ফলত চীনৰ ১ নতুবা ২ শতাংশ লাভালাভ কমিব, তাৰ বাদে একো আশা কৰিব নোৱাৰি। তদুপৰি ভাৰত চৰকাৰে ইমান কম খৰছত চীনৰ দৰে উন্নত মানৰ সামগ্ৰী উৎপাদন কৰিব নোৱাৰে। উদাহৰণস্বৰূপে_ এসময়ত মোদীয়ে মোবাইল দিছিলে নহয় অনলাইন কৰিব ২৫০ টকাত কেইজনে পালে ? – Uttam Ray


কূটনীতিৰ যোগেদিহে এটা স্থায়ী সমাধান পোৱা যাব। যুদ্ধৰ দ্বাৰা দুয়োখন ৰাষ্ট্ৰৰে অপকাৰ হ’ব, হয়তো ৰাষ্ট্ৰখনে ঘূণীয়া হৈ যাব পাৰে। সেয়ে যুদ্ধৰ দ্বাৰা সমাধান কৰাটো উচিত নহ’ব।বাকী কেৱল চীনা বস্তু বৰ্জনৰ দ্বাৰা এই পৰিস্থিতি কেতিয়াও সমাধান নহয়।এটা সঠিক সিদ্ধান্তৰে কূটনৈতিক চুক্তিৰে এই যুদ্বৰ অৱসান ঘটোৱাটো সম্ভৱ বুলি মই ভাৱো। – Jodumoni Bora


Diplomatic Tie with Anti china lobby I.e USA, AUSTRALIA, JAPAN, and EU to make CHINA ALONE in the world. Boycotting chinese goods.WAR isn’t solution as we are not technologically advance like them and which will hindrance more to us than china.So, DIPLOMACY is the solution Interference of UNO won’t do anything. As china is a PERMANENT member of UNSC. They hv Veto to reject bill. – Pritom 


যুদ্ধ হ’লে দেশৰ অৰ্থনীতিৰ ওপৰত বেয়া প্ৰভাৱ পৰিব।কাৰণ যুদ্ধই সমাধানৰ উপায় নহয়।দ্বিতীয়তে ৰাষ্ট্ৰসংঘ গণতান্ত্ৰিক ভাৱে পৰিচালিত
হোৱা বুলি মই নাভাবো।কাৰণ 
তাত অকল ক্ষমতাৰ হে পাৰ্দুভাৱ বেছি।তৃতীয়তে চীনা সামগ্ৰী বৰ্জন কৰাটো নিতান্তই আৱশ্যক।
যিখন দেশে কূটনৈতিকভাৱে পৃথিৱীত কৰোণা বিয়পালে।তেনে ৰাষ্ট্ৰৰ লগত সম্বন্ধ ৰখাটো উচিত নহয়।কাৰণ তেনে ৰাষ্ট্ৰই জ্বলা জুইত ঘিউ ঢালি ভাল পায়। উদাহৰণ স্বৰূপে পাকিস্তানৰ কথাকে ক’ব পাৰি….!- Keshab Shaw




Leave a Comment

error: Content is protected !!