APSC কিয় ❓ ( Why APSC ) || পঢ়ি চাবচোন 🙏

এপিএছচি (APSC) কিয় ❓

আমি সপোন দেখি সকলোৱে ভাল পাওঁ। কোনোবাই ডাক্টৰ কোনোবাই ইঞ্জিনিয়াৰ, আৰু বহুতো। হয় আপুনি ঠিকেই শুনিছে। মই এজন Civil Service Aspirant বুলি যেতিয়াই সমাজৰ এজন শিক্ষিত (তথাকথিত) লোকৰ আগত কওঁ তেওঁ মোক পাগল বুলি ভাবে। আচলত কথাটো প্ৰায় সঠিকেই কিয়নো যিয়ে তপস্যা কৰে সিয়ে আচল মৰ্ম বুজি পায়।




আৰম্ভনি ক’ৰ পৰা কৰো কাৰণ এজন এছপাইৰেন্টৰ জীৱন আৰম্ভ হয় “তই পাৰিবি জানো ❓” এই ৰঙা ৰঙৰ প্ৰশ্নবোধকৰ পৰা। আমিও মানুহ আৰু এইবোৰ মানুহেই কৰি আছে। মাথো সময়ত সকলো উত্তৰ নিজে নিজেই পাব।

আচলতে কি জানে যদি আপুনি নিজে আত্মবিশ্বাসী নহয় তেন্তে ইয়াতেই এৰি দিয়ক। কাৰণ এপিএছচি আপোনাৰ কাৰণে অসম্ভৱনীয়তাৰ খেল। কঠোৰ অধ্যাৱসায় আৰু আত্মবিশ্বাসে আপোনাক হয়তো অলপ হ’লেও সহায় কৰিব।




অন্যথা সময়বোৰ অভাবত নষ্ট নকৰিব।

মই ব্যক্তিগতভাবে অনুভব কৰো যে জীৱনত এবাৰ হ’লেও বিফল হ’ব লাগে। অন্যথা আগন্তক সময়বোৰ বৰ বেছি কঠিন হ’ব। হয়তো আপুনি এবাৰত সফলতা অর্জন কৰিব নোৱাৰিব পাৰে কিন্তু যদি আপুনি বিফলতাৰ অভিজ্ঞতা ইতিপূর্বেই পাইছে তেন্তে খেলখন আপোনাৰ বাবে সহজ।

মূল বিষয় :

ময়ো এজন সাধাৰণ Civil Service Aspirant বুলি নিজকে ভাবো অৱশ্যে সেয়াই যথেষ্ট। আৰু জানো সমাজৰ কথা আৰু সমাজখনক। এনেই সাধাৰণ কথাত আঙুলি টুৱাবলৈ আহিব কিন্তু ভাল কাম এটা কৰিব যাওক সন্মুখত নোৱাৰিলেও ক’ৰবাত আড্ডা সমূহৰ টপিক হওঁ। বাৰু সকলোৰে জীৱনৰ উদ্দেশ্য বেলেগ আৰু মোৰ যেনিবা সিহঁতত কৈয়ো বেলেগ।

 

APSC/UPSC হৈছে বিশাল সমূদ্র স্বৰূপ আৰু ইয়াক মাথো কেৱল সঠিক পথেৰে পাৰ কৰিব পাৰি আৰু যাৰ বাবে প্ৰয়োজন হয় এজন পথপ্ৰদৰ্শক। আমাৰ সমাজত বহু জ্ঞানী লোকৰ ধাৰণা যে কেৱল মাথো HSLC/HS/BA/BSC ইত্যাদি পৰীক্ষাবোৰত শীৰ্ষ স্থান দখল কৰা সকলৰ বাবেহে অসামৰিক সেৱা সংৰক্ষিত। গতিকে তেনে প্ৰেক্ষাপটত কি আশা কৰিব পাৰে। মই ব্যক্তিগতভাবে যি অলপ বুজি পাওঁ যদি আপুনি প্ৰস্তুতি চলাই আছে তেন্তে নেতিবাচক কথা সমুহৰ পৰা অলপ আতৰত থাকিব। কষ্ট কৰিলে হয়তো আপুনি কৰিব বেলেগৰ কথা শুনি অযথা সময় কিয় নষ্ট কৰিব। বাকী কাহিনী এতিয়াও আৰম্ভই হোৱা নাই।

আপুনি হয়তো জুনায়েদ আহমেদ, আনচাৰ সেখ, এই সকলৰ নাম শুনিছে বা ইন্টাৰভিও দেখিছে। তলত জুনায়েদ আহমেদ ছাৰৰ মাৰ্কশ্বীটখন দিয়া হৈছে চাব।

গতিকে ডিগ্ৰীৰ মাৰ্কশ্বীটখনেই আপোনাৰ জীৱনৰ লক্ষ্য হোৱা অনুচিত।

অসমৰ প্ৰেক্ষাপটত যদি চাও মৃগাংকীৰ নামটো চাগৈ শুনিছে কলেজত তিনিবাৰ বেক লাগিছিল।

ওপৰৰ আলোচনা সমূহৰ পৰা আপুনি চাগৈ নিশ্চিত যে অসামৰিক সেৱাৰ পৰীক্ষাত কৃতকার্য হ’বলৈ ডিগ্রীৰ মাৰ্কশ্বীটখনতকৈ আপোনাৰ নিজৰ সেৱাৰ প্ৰতি ডেডিকেশ্বন থাকিলে আৰু কষ্ট কৰিব পৰা ক্ষমতা থাকিলে আপুনি এই সাগৰত সাতুৰি পাৰ হ’ব পাৰিব নিশ্চিত ভাবে।




 

এতিয়া আহো APSC ৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বিষয়ে কিছু কথা-

 

২০১৯ চনৰ পৰা নতুন চেলেবাছ অনুসৰি গোটেই APSC CCE পৰীক্ষাটোক Dynamic কৰিছে। to be continued……

 

Tags:

apsc preparation assam, apsc prelims, apsc assam, how to prepare for apsc,

apsc motivational story,

1 thought on “APSC কিয় ❓ ( Why APSC ) || পঢ়ি চাবচোন 🙏”

Leave a Comment

error: Content is protected !!