কাহানি এ. পি. এছ. চি এছপাইৰেন্ট কী:

জীৱনত সকলোৱে নিজ নিজ লক্ষ্যত সফল হ’ব বিচাৰে কিন্তু বিচাৰিলেই সফলতা পোৱা নাযায়। তুমি নিজেই তাৰ সন্ধান কৰিব লাগিব।
“success does not find you; you have to go out and get it”.
এই বাস্তৱ পৃথিৱীখন যিহেতু জটিল; সেয়েহে সফলতাৰ দিশসমূহো সিমানে কঠিন। আমি এই বাস্তৱ পৃথিৱীখনৰ লগত সমানে গতি কৰি সফলতা অৰ্জন কৰিব পাৰিব লাগিব । এনেদৰে নিজক সফল ব্যক্তি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে যেতিয়া কিছুমান প্ৰত্যাহ্বান ৰ মুখামখি হব লগিয়া হয় ;তেতিয়াই কিছুমানে তাতে হাৰ মানে আৰু কিছুমানে সেই হাজাৰ হাজাৰ প্ৰত্যাহ্বানকো নেওঁচি আগুৱাই যায়।
সফলতা লাভ কৰিবলৈ হলে প্ৰথমতে আমি নিজে নিজৰ সাৰ্মথ্য, সবলতা- দুৰ্বলতা, কি হব খুজো, কিয় হব বিছাৰো আৰু ইয়াৰ পৰা সমাজত কি লাভ হব ইত্যাদি দিশবোৰ চালি-জাৰি চোৱাটো খুবে প্ৰয়োজনীয়॥ যদি আমি এই দিশটো প্ৰতি গুৰুত্ব নিদিও তেনেহলে কৰবাত নহয় কৰবাত আমাৰ সপোন বা লক্ষ্যবোৰ সফল কৰাত আমি অক্ষম হৈ পৰিম।যিদৰে উদ্দেশ্যবিহীন জীৱন এটাৰ কোনো অৰ্থ নাই; ঠিক তেনেদৰে পৰিকল্পনা অবিহনেও কোনো কামতে সফল হব নোৱাৰি॥
সফল হবলৈ হ’লে আমি আৰু এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব:- যে আমি যিটো কাম কৰিম বুলি মনৰ পৰাই ঠিৰাং কৰিছো বা যিটো লক্ষ্য নিৰ্বাচন কৰিছো ; তাক নোপোৱালৈকে চেষ্টা কৰি থাকিব লাগিব। কেতিয়াও এইটো মগজুলৈ আনিব নালাগিব যে এইটো মোৰ বাবে অসম্ভৱ, মই নোৱাৰিম। পৃথিৱীত নোৱাৰা বা অসম্ভৱ বুলি একো নাই। এইদৰে ভাৱিব লাগিব যে:- ” Its going to be hard, But hard does not mean impossible”
আমি এনে এখন সমাজত বসবাস কৰো যত মানুহে মানুহৰ বাবে কেতিয়াবা শত্রু হৈ পৰে ।মানুহে মানুহক সমালোচনা কৰিবলৈ লোৱাৰ লগতে মানুহক উৎসাহ দিয়াৰ পৰিবৰ্তে নিৰুৎসাহ হে দিয়ে। এনে ক্ষেত্রত এটা কথাই মনত ৰাখিবা যে এই পৃথিৱীখনলৈ তুমি অকলে আহিছিলা আৰু এদিন অকলে যাব লাগিব; আৰু সমালোচনা সেইসকলে কৰে যাৰ জীৱনত কৰিবলগা একোৱে নাথাকে; জীৱনটো তোমাৰ নিজৰ ; সেয়েহে নিজে নিজৰ বাবে প্ৰেৰণা উৎস হোৱাৰ লগতে নিজৰ লক্ষ্যৰ প্ৰতি আত্মবিশ্বাস ৰখা, ধৈৰ্য ধৰিব শিকা আৰু বিফলতা সমুহকো সফলতাৰে একোটা অংশ বুলি ধৰি লৈ জীৱন যুঁজত আগ বঢ়িলে নিশ্চয় এদিন সফল হবা॥
“”ধন্যবাদ””
দীপামনি কাশ্যপ
Mind blowing,its really encourage me.