১) অসমীয়াত প্ৰত্যয় কেই প্ৰকাৰৰ ?
ক) দুই প্ৰকাৰৰ।
খ) চাৰি প্ৰকাৰৰ।
গ) তিনি প্ৰকাৰৰ।
ঘ) ওপৰৰ এটাও নহয়।
উত্তৰ – ক) দুই প্ৰকাৰৰ।
✓কৃৎ প্ৰত্যয় আৰু
✓তদ্ধিত প্ৰত্যয়
২) “অথাই সাগৰ” মানে কি বুজায় ?
ক) দুঃখিত
খ) ডাঙৰ বিপদ
গ) সাগৰৰ সমান
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) ডাঙৰ বিপদ
৩) “কাণে কাণ মাৰি” মানে কি বুজায় ?
ক) কাণেৰে নুশুনা
খ) কোনো মতে
গ) এলেহুৱা
ঘ) যথেষ্ট হোৱা
উত্তৰ- খ) কোনো মতে
৪) “কাঠ-চিতীয়া” মানে কি বুজায়?
ক) একাগ্ৰতা
খ) কাঠেৰে নিৰ্মিত
গ) নিষ্ঠুৰ
ঘ) জটিল
উত্তৰ- গ) নিষ্ঠুৰ
৫) “কপাল ধাে” মানে কি বুজায় ?
ক) আশা এৰা
খ) কপাল বেয়া
গ) নোপোৱা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) আশা এৰা
৬) মাটিৰ মানুহ বুলিলে কি বুজায়-
ক) মৰা মানুহ
খ) দুষ্ট প্ৰকৃতিৰ লোক
গ) আদবলীয়া মানুহ
ঘ) নিচেই হোজা মানুহ
উত্তৰ- ঘ) নিচেই হোজা মানুহ
৭) “হৰিণাৰ মাংসই বৈৰী” মানে কি ?
ক) নিজেই নিজৰ শত্ৰু
খ) আনৰ ভাল দেখিব নোৱাৰা
গ) পৰোপকাৰী
ঘ) আনৰ ক্ষতি সাধন কৰা
উত্তৰ- ক) নিজেই নিজৰ শত্ৰু
৮) “চকু চৰহা” অৰ্থ হল-
ক) আনৰ ভাল দেখিব নোৱাৰা ৷
খ) জানিও নজনাৰ ভাৱ দেখুওৱা।
গ) টোপনি অহা ৷
ঘ) সাৱধান হোৱা, পাবলৈ ইচ্চা কৰা ৷
উত্তৰ- ক) আনৰ ভাল দেখিব নোৱাৰা।