দৈনিক কুইজৰ প্ৰশ্নোত্তৰ (অসম কুইজ)

অসম কুইজ:

 

(১) ১০ ডিচেম্বৰ কি দিৱস হিচাপে পালন কৰা হয় ?

উত্তৰ – মানৱ অধিকাৰ দিৱস।

(২) কলিকতাৰ হিন্দু কলেজ কোনে স্থাপন কৰিছিল ?

উত্তৰ- ৰাজা ৰামমোহন ৰায়।

 

(৩) পানীদিহিং কোনখন জিলাত অৱস্থিত ?

উত্তৰ- শিৱসাগৰ।

 

(৪) লতা কটা ৰণ কোনজন আহোম ৰজাৰ দিনত হয় ?

উত্তৰ- ৰাজেশ্বৰ সিংহ।

 

(৫) শৰাইঘাট যুদ্ধ কোনজন আহোম ৰজাৰ দিনত সংঘটিত হয় ?

উত্তৰ- উদয়াদিত্য সিংহ।

 

(৬) পঙ্গল কোন ৰাজ্যৰ সংস্কৃতি ?

উত্তৰ – তামিলনাডু।

 

(৭) বাসু ডিমা কোন সম্প্ৰদায়ে পালন কৰে ?

উত্তৰ- ডিমাছা।

 

(৮) দ্বিতীয় বিশ্ব যুদ্ধৰ আলমত কোন দুখন গ্ৰন্থ ৰচনা কৰা হৈছে ?

উত্তৰ- “জংগম” আৰু “ডাৱৰ আৰু নাই”

 

(৯) ধলা-শদিয়া কোন খন নদীৰ ওপৰত আছে ?

উত্তৰ- লোহিত নদীৰ।

 

(১০) ১৯৫৬ চনত কিহৰ ভিত্তিত নতুন ৰাজ্য গঠন কৰিছিল ?

উত্তৰ- ভাষাৰ ভিত্তিত।

 

(১১) বৰপেটা সত্ৰ কোনে স্থাপন কৰিছিল ?

উত্তৰ- মাধৱদেৱে।

 

(১২) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ- বাৰ্মা আৰু ব্ৰিটিছৰ মাজত।

 

(১৩) নাম ঘোষা কোনে ৰচনা কৰিছিল ?

উত্তৰ- মাধৱদেৱে।

 

(১৪) বিহগী কবি বুলি কোনজন কবিক জনা যায় ?

উত্তৰ- ৰঘুনাথ চৌধাৰী।

 

(১৫) পাল বংশৰ প্ৰতিষ্ঠাপক কোন ?

উত্তৰ – ব্ৰহ্মপাল।

 

(১৬) কোন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ?

– মঙ্গল গ্ৰহক ৷

 

(১৭) শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?

– স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই (১৭৫১ চনত) ৷

 

(১৮) অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল ?

– বদন বৰফুকনে ৷

 

(১৯) কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ?

– নৰনাৰায়ণ ৷

 

(২০) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?

– ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

 

(২১) অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?

– জ্যোতিপ্ৰসাদ আগৰৱালা ৷

 

(২২) কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

– মনোমতী ৷

 

(২৩) স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?

– হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷

 

(২৪) চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন ?

– ড০ ভূপেন হাজৰিকা ৷

 

(২৫) ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?

– পিয়লি ফুকন ৷।

(২৬) কোনজন অসমীয়াক ‘কলাগুৰু’ বোলা হয় ?

– বিষ্ণুপ্ৰসাদ ৰাভা ৷

 

(২৭) কোনজন অসমীয়াক ‘ৰূপকোঁৱৰ’ বোলা হয় ?

– জ্যোতিপ্ৰসাদ আগৰৱালাক ৷

 

(২৮) কোনজন অসমীয়া ‘লোকপ্ৰিয়’ নামেৰে খ্যাত ?

– গোপীনাথ বৰদলৈ ৷

Leave a Comment

error: Content is protected !!